অপচয় নকৰি প্ৰয়োগ কৰক—’আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল’ এই ফকৰাৰ গভীৰ অৰ্থ জানক আৰু জীৱনত গুৰুত্বপূৰ্ণ শিক্ষা লওক।
আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল
অসমীয়াৰ সমাজত বহু দীৰ্ঘদিনৰ পৰা ফকৰা আৰু প্ৰবাদৰ বিশেষ প্ৰচলন আছে। এই ফকৰাসমূহৰ ভিতৰত বহুত ফকৰাই জীৱনৰ বাস্তৱ শিক্ষা দিয়ে। তেনে প্ৰবাদৰ ভিতৰত অন্যতম হৈছে ‘আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল’। এই ফকৰাৰ অন্তৰ্নিহিত অৰ্থ হৈছে—যদি কোনো মূল্যবান বস্তু বা সামগ্ৰী ব্যৱহাৰ নকৰা হয়, তেন্তে সেই বস্তু থকা বা নথকা একে কথা।
গাঁওৰ কৃষকৰ জীৱনৰ কথা বিচাৰিলে গৰুৰ গুৰুত্ব অতি বেছি। গৰু নোহোৱাকৈ গাঁওখনৰ কৃষক যেন পৰিচয়হীন। গৰু কৃষকৰ লগত গাঢ়ভাৱে জড়িত। কৃষকৰ হাল চলোৱাৰ বাবে, খেতি কৰিবৰ বাবে, গৰু এক অমূল্য সম্পদ। কিন্তু যদি গৰু থাকিলেও সেই গৰুদ্বাৰা হাল নচলাই বা কোনো কামত খটোৱা নাযায়, তেন্তে সেই গৰু পোহাৰ অৰ্থনৈতিক লাভ একেবাৰেই নাথাকে। এইদৰে মূল্যবান জন্তু থাকিলেও প্ৰয়োগ নকৰিলে শেষত অপচয়হে হয়।
‘আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল‘ এই ফকৰাৰ অৰ্থ কেৱল গৰু আৰু কৃষকৰ লগত সীমাবদ্ধ নহয়। আমাৰ সমাজত বহু মানুহৰ মূল্যবান সম্পদ আছে—কেতিয়াবা ধন-সম্পত্তি, কেতিয়াবা বিদ্যা-বুদ্ধি, কেতিয়াবা বিশেষ কৌশল। কিন্তু সেইবোৰ সঠিক স্থানত আৰু সঠিক সময়ত ব্যৱহাৰ নকৰিলে, সেই সম্পদৰ কোনো অৰ্থ থাকিব নোৱাৰে। সমাজৰ কল্যাণৰ বাবে বা নিজৰ উন্নয়নৰ বাবে যদি কিবা প্ৰয়োগ কৰা নহয়, তেন্তে সম্পদ থকা অৰ্থহীন হয়।
আমাৰ সমাজতে অনেক ধনী মানুহ আছে। তেওঁলোকে ধন সম্পত্তি থুপাই থুপাই ভঁৰালত থৈ দিয়ে। কিন্তু তাৰ ব্যৱহাৰ কৰি সমাজৰ দুখীয়া মানুহক সাহায্য নকৰে। ফলত একেটা সমাজত মানুহ অনাহাৰে মৃত্যুবৰণ কৰে, আনফালে অপাৰ ধনভঁৰাল মাটিত বা ভঁৰালত থুপা খাই থাকে। ইয়াৰ ফলত সমাজৰ মঙ্গল নহয়, অন্যায় বৃদ্ধি হয়।
এনে দৃষ্টান্ত চৰকাৰৰ ক্ষেত্ৰতো দেখা যায়। বহু আঁচনি আৰু পরিকল্পনা গ্ৰহণ কৰা হয়। আৰম্ভণি হয় বহুত ধুমধামৰে। কিন্তু কিছুদূৰ আগবঢ়াৰ পাছত আঁচনি স্থগিত হৈ যায়, অর্ধসমাপ্ত হৈ ৰয়। ইয়াৰ ফলত কেৱল টকাৰ অপচয় হয়।
এইবোৰ উদাহৰণৰ পৰা স্পষ্টকৈ বুজা যায়—যদি সম্পদ থাকিও সেই সম্পদ ব্যৱহাৰ কৰা নহয়, তেন্তে সেই সম্পদ থকা অৰ্থহীন। অপচয় হৈ থকাতকৈ নথকাই বহুত ভাল।
সঁচাকৈ যিকোনো বস্তু, বিদ্যা বা সম্পদৰ সত্য মূল্য তেতিয়াহে থাকে, যেতিয়া তাক সঠিক সময়ত সঠিক স্থলত প্ৰয়োগ কৰা হয়। 0 0 0
You May Like: অসমৰ জাতীয় উৎসৱ বিহু
আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল
(English)
In Assamese society, proverbs and sayings have been very popular for a long time. Many of these proverbs give us real lessons about life. One such proverb is: “Having a cow but not ploughing with it is better to have none than to keep it idle.” The inner meaning of this proverb is—if a valuable thing is not used, then having it or not having it makes no difference.
If we look at the life of rural farmers, the cow is extremely important. Without cows, a village farmer seems incomplete. The cow is deeply connected with the farmer’s life. To plough the field and to cultivate crops, the cow is a priceless possession. But if a farmer has cows and does not use them for ploughing or any useful work, then the cow becomes useful for nothing. It does not bring any real economic gain. In this way, even a valuable animal becomes wasteful if not properly used.
The meaning of this proverb is not limited only to cows and farmers. In our society, many people have valuable possessions—sometimes wealth, sometimes knowledge, sometimes special skills. But if these are not used at the right place and the right time, they have no real value. Unless wealth, wisdom, or talent is applied for personal progress or the welfare of society, it remains meaningless.
In our society, there are many rich people. They keep their wealth locked in storage or buried in the ground, but never use it to help the poor. As a result, while some people in the same society die of hunger, piles of treasure remain unused in safes or warehouses. This does not benefit society; instead, it perpetuates injustice.
We also see such examples in government. Many schemes and plans are introduced with great excitement. However, after a short time, these plans often come to a halt or remain incomplete. This only causes wastage of money and does not benefit the common people.
From all these examples, it becomes clear that—if resources are not used, then having them is useless. In fact, it is better not to have them than to waste them.
Through this proverb, our society gives us a great lesson—any possession, knowledge, or resource has true value only when it is applied at the right time and in the right place. Otherwise, it is equal to nothing. 0 0 0









