হাতীৰো পিছলে পাও সজ্জনৰো বুৰে নাও

0

হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’—এই প্ৰবাদৰ গভীৰ শিক্ষা জানক আৰু জীৱনত ভুলক ক্ষমা কৰিবলৈ মানৱীয়তা শিকক।

হাতীৰো পিছলে পাও সজ্জনৰো বুৰে নাও

হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও

অসমীয়া সমাজত প্ৰবাদ আৰু ফকৰাৰ বিশেষ স্থান আছে। এইবোৰ প্ৰবাদ কেৱল কথাৰ খেল নহয়, বৰঞ্চ জীৱনৰ অভিজ্ঞতা। ইয়াৰে মাজত বহুলভাৱে ব্যৱহৃত আৰু গুঢ় অৰ্থ বহন কৰা প্ৰবাদ এখন হৈছে—‘হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’।

প্ৰবাদৰ মূল অৰ্থ
‘হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’ প্ৰবাদৰ দ্বাৰা এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়া হৈছে—যিমানেই সাৱধানী বা জ্ঞানী মানুহ নহওক, কেতিয়াবা ভুল কৰিবই পাৰে। অৰ্থাৎ, মানুহে সঁচাকৈ জ্ঞানী, সতৰ্ক আৰু সৎ হলেও, কিবা সময়ত অসাৱধানতা বা আকস্মিক পৰিস্থিতিৰ বাবে ভুল কৰাটো অতি স্বাভাবিক।

হাতীৰ উদাহৰণ
হাতী হৈছে অতি ডাঙৰ আৰু শক্তিশালী জন্তু। ইয়াৰ খোজৰ গহীনতা দেখিলে সকলোৰে আশ্চৰ্য লাগে। সাধাৰণতে হাতীৰ খোজ সলনি নহয়, কিয়নো ই দীৰ্ঘদেহী আৰু স্থিৰ। কিন্তু বিশেষ পৰিস্থিতি বা অসাৱধানতাৰ বাবে হাতীৰো ভৰি পিছলাই যাব পাৰে। এই এক ব্যতিক্ৰম, যদিও অসম্ভৱ নহয়।

সজ্জনৰ উদাহৰণ
সজ্জন মানে সৎ, জ্ঞানী আৰু সতৰ্ক মানুহ। সিহঁতে সদায় ভাবি-চিন্তি কাম কৰে, অবিবেচক ভাৱে সিদ্ধান্ত লোৱা সিহঁতৰ স্বভাৱ নহয়। সেয়েহে সাধাৰণতে সজ্জনৰ কামত ভুল হোৱা দেখা নাযায়। তথাপিও, কেতিয়াবা আকস্মিকভাৱে বা অনুকূল পৰিস্থিতি নথকাৰ বাবে সজ্জনৰো ভুল হয়। প্ৰবাদত কোৱা হৈছে—‘সজ্জনৰো বুৰে নাও’। অৰ্থাৎ, সজ্জনে নিজ হাতেৰে নাও চালনা কৰি অতি সাৱধানেৰে আগবঢ়ালেও, কেতিয়াবা পানীৰ ঢৌ, বিপদ বা ভুল বিচাৰৰ ফলত নাও বুৰিব পাৰে।

প্ৰবাদৰ সমাজিক শিক্ষা
‘হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’ প্ৰবাদটোৱে এটা গভীৰ শিক্ষা দিয়ে। মানুহ যিমানেই জ্ঞানী, যিমানেই সতৰ্ক বা অভিজ্ঞ নহওক, সিহঁতৰো কেতিয়াবা ভুল হব পাৰে। তেনে পৰিস্থিতিত মানুহে অহংকাৰ নকৰি নিজৰ ভুল স্বীকাৰ কৰিবলৈ শিকিব লাগিব। লগতে আনৰ ভুলকো ক্ষমা কৰি আগবঢ়া উচিত। কাৰণ, ভুল কৰা হৈছে মানুহৰ স্বাভাৱিক বৈশিষ্ট্য।

আমাৰ সমাজত বহুত সময়ত দেখা যায়, জ্ঞানী বা বিদ্বান ব্যক্তিৰে এটা সামান্য ভুল হ’লেই সমাজে তাক উপহাস কৰে। কিন্তু প্ৰবাদটোৱে এই শিক্ষা দিয়ে—যেতিয়া হাতীৰ দৰে বিশাল জন্তুৰো ভৰি পিছলিব পাৰে আৰু সজ্জনৰো নাও বুৰিব পাৰে, তেতিয়া সাধাৰণ মানুহৰ ভুল স্বাভাৱিক।

অহংকাৰ নকৰাৰ উপদেশ
হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’ প্ৰবাদে আন এটা গুৰুত্বপূৰ্ণ দিশ উজ্জ্বল কৰি দিয়ে। কেতিয়াও মানুহে নিজৰ জ্ঞান, বিদ্যা বা বুদ্ধিক লৈ অহংকাৰ কৰিব নালাগে। কিয়নো, যিমানেই জ্ঞানী নহওক, তাতো সীমাবদ্ধতা থাকে। ভুল হোৱাৰ সম্ভাৱনা সকলোত থাকে। সেয়ে নিজৰ মতক অভ্ৰান্ত বুলি ধৰা ভুল।

উপসংহাৰ
‘হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও’ এই প্ৰবাদৰ অন্তৰ্নিহিত শিক্ষা হৈছে—ভুল কৰা মানুহৰ স্বভাৱ। ভুলক লৈ অহংকাৰ নকৰি, ক্ষমাশীল হওক আৰু ভুলৰ পৰা শিক্ষা লওক। তেনেহ’লেহে জীৱনত সঁচাকৈ সফল হ’ব। 0 0 0

You May Like:   অসমীয়া  ভাৱ-সম্প্ৰসাৰণ

হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও

(in Englsih)

Even an elephant may slip, even a wise man may nod

In Assamese society, proverbs and sayings hold a very special place. They are not merely wordplay, but life’s experiences turned into wisdom, handed down from one generation to another. Among them, one widely used proverb with a deep meaning is: “Even an elephant may slip, even a wise man may nod.”

The main meaning of the proverb
This proverb teaches us an important lesson—that no matter how careful or wise a person is, mistakes are still possible. In other words, even if someone is truly knowledgeable, cautious, and honest, unexpected situations or carelessness can still lead them into error.

The example of the elephant
The elephant is a huge and powerful animal. Its footprints leave everyone amazed with their depth. Normally, elephants do not stumble, as they are tall, steady, and strong. But in certain situations or due to carelessness, even the elephant’s foot may slip. This is rare, but not impossible. Thus, the elephant’s slipping is a clear example that even the strongest or most cautious beings can still make mistakes.

The example of the wise man
A wise man is someone honest, thoughtful, and careful. He usually acts only after considering things deeply and does not take rash decisions. So, normally, wise men do not make mistakes. Yet sometimes, because of sudden circumstances or unfavorable conditions, even a wise man may fail. As the proverb says, “even a wise man may sink a boat.” It means that though he rows the boat carefully, waves, storms, or wrong judgments may still cause it to sink.

The social lesson of the proverb
This proverb gives society a profound teaching. No matter how intelligent, careful, or experienced a person is, mistakes are still part of human life. In such cases, one must not be arrogant but should admit one’s fault. At the same time, we should learn to forgive others’ mistakes and move forward, because making mistakes is natural for human beings.

In our society, it is often seen that when a learned or respected person makes even a small mistake, people ridicule them. But this proverb reminds us that—if the foot of a mighty elephant can slip, and if even the boat of a wise man can sink, then it is natural for ordinary people to make mistakes.

A warning against arrogance
This proverb also highlights another important truth: one should never be proud of one’s knowledge, wisdom, or intelligence. For no matter how wise someone may be, there will always be limitations. The possibility of error exists in everyone. Therefore, it is wrong to assume that one’s own opinion is perfect and unquestionable.

Conclusion
Thus, the inner teaching of the proverb “Even an elephant may slip, even a wise man may sink a boat” is that making mistakes is part of human nature. Instead of being arrogant, we should be forgiving and learn from our errors. Only then will life be truly meaningful and successful. 0 0 0

Also Read: Justice Delayed Justice Denied-Amplification

N.B. If you like the amplification, ‘হাতীৰো পিছলে পাও, সজ্জনৰো বুৰে নাও then don’t fail to send us your feedback. We honour your suggestions highly.

Previous articleআদাক দেখি উঠিল গা কেতুৰীয়ে বালে মোকো খা
Next articleBest Photo Recovery Apps for Android

LEAVE A REPLY

Please enter your comment!
Please enter your name here