‘আদাক দেখি উঠিল গা কেতুৰীয়ে বালে মোকো খা’—এই প্ৰবাদৰ গভীৰ শিক্ষা জানক আৰু জীৱনত অহংকাৰ এৰিবলৈ শিকক।
আদাক দেখি উঠিল গা কেতুৰীয়ে বালে মোকো খা
অসমীয়াৰ সমাজত প্ৰবাদ আৰু ফকৰাৰ বিশেষ স্থান আছে। এইবোৰ ফকৰা কেৱল কথা নহয়, এয়া সমাজৰ জীৱনৰ অভিজ্ঞতা, বুদ্ধি আৰু উপদেশৰ ফল। প্ৰাচীন কালৰ পৰা আজিলৈকে এইবোৰে মানুহক সঠিক পথত চলিবলৈ শিক্ষা দিয়ে। ইয়াৰে ভিতৰত বহুল প্ৰচলিত প্ৰবাদ এখন হৈছে—‘আদাক দেখি উঠিল গা, কেতুৰীয়ে বালে মোকো খা’।
এই প্ৰবাদ সাধাৰণতে কোনো মানুহে নিজৰ সামৰ্থ নাজানি বা নিজৰ যোগ্যতা উপলব্ধি নকৰি, অহংকাৰ কৰি নিজকে জহালে বা দেখুৱালে ব্যৱহাৰ কৰা হয়। অন্য কথাত, যাৰ কিবা বিশেষ যোগ্যতা নাই, তেও নিজকে উচ্চ বুলি ভাবিলে এই প্ৰবাদৰে তাক তিৰস্কাৰ কৰা হয়।
আদা হৈছে আমাৰ দৈনন্দিন জীৱনত বহুত উপকাৰী খাদ্য। ইয়াৰ বহু ঔষধি গুণ আছে। পেটৰ অসুখ, হজম সমস্যা, ঠাণ্ডা-কাশি আদি প্ৰতিকাৰত আদা উপযোগী। সেইবাবে মানুহে আদাক সৰ্বদা সন্মান কৰে আৰু খোৱা খাদ্যৰ লগত ব্যৱহাৰ কৰে। আদা খাই মানুহে লাভ পায়, স্বাস্থ্যৰ উপকাৰ হয়।
কেতুৰীও এক ধৰণৰ গছৰ বস্তু, কিন্তু ইয়াৰ কোনো উপকাৰ নাই। ইয়াক মানুহে নাখায়, ইয়াৰ পৰা কোনো ঔষধ ঔষধি গুণ নাই। ই অপ্রয়োজনীয়। এইবাবে আদা আৰু কেতুৰীৰ মাজত আকাশ-পাতাল পাৰ্থক্য।
প্ৰবাদৰ দৃষ্টান্ত অনুসৰি, আদাক মানুহে খোৱা দেখি কেতুৰীয়ে ভাবিলে—‘আদাক খালে, মোকো খাওক।’ কিন্তু মানুহে তাক নাখায়, কাৰণ ই অযোগ্য। এইটো স্পষ্ট কৰি দিয়ে—অযোগ্য বস্তু বা অযোগ্য মানুহে নিজকে যিমানেই জহাবলৈ চেষ্টা কৰক, বাস্তৱত মানুহে তাক গ্ৰহণ নকৰে।
আমাৰ সমাজত এনে মানুহ দেখা যায় যিহঁতৰ কোনো বিশেষ জ্ঞান বা বিদ্যা-বুদ্ধি নাই। তথাপি নিজকে জ্ঞানী বুলি প্ৰচাৰ কৰে, বা আনৰ দৰে সন্মান পাবলৈ চেষ্টা কৰে। এনে মানুহক সমাজে গ্ৰহণ নকৰে। জ্ঞানী আৰু বুদ্ধিমান লোকে সিহঁতক এৰাই চলে। এনে ব্যক্তিয়ে বহু সময়ত উপহাসৰ পাত্ৰ হয়, আৰু কেতিয়াবা নিজৰ অহংকাৰৰ বাবেই বিপদত পৰে।
আদাক দেখি উঠিল গা, কেতুৰীয়ে বালে মোকো খা প্ৰবাদৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ শিক্ষা পোৱা যায়। সমাজত সন্মান লাভ কৰিবলৈ বা নিজৰ পৰিচয় গঢ়িবলৈ, প্ৰথমে নিজকে যোগ্য কৰি তুলিব লাগে। যাৰ যোগ্যতা নাই, তেওঁক সমাজে কেতিয়াও গ্ৰহণ নকৰে।
মুঠতে যোগ্যতাৰ জৰিয়তে সন্মান আৰু স্থান লাভ কৰিব লাগে। 0 0 0
You May Like: অসমীয়া ভাৱ-সম্প্ৰসাৰণ
আদাক দেখি উঠিল গা কেতুৰীয়ে বালে মোকো খা
(in Englsih)
In Assamese society, proverbs and sayings have a very special place. They are not just words, but the result of life’s experience, wisdom, and advice passed down through generations. From ancient times until today, these proverbs have guided people towards the right path. One such popular proverb is: “Seeing ginger being eaten, the weed said, eat me too.”
This proverb is generally used when a person, without knowing his own ability or recognizing his own worth, tries to boast or show himself off. In other words, it is applied to someone who has no special quality but still tries to place himself on a higher level, but society mocks him for it.
Let us now understand the inner meaning of this proverb by looking at the examples of ginger and the weed (keturi).
Ginger is a very useful food item in our daily lives. It has many medicinal properties. It is effective against stomach problems, digestion issues, colds, and coughs. That is why people value ginger and often use it in their food. Eating ginger benefits health and makes it respected.
The plant called keturi is of no use. People do not eat it, nor does it have any medicinal value. For society, it is completely unnecessary. So, there is a huge difference between ginger and the weed.
According to the proverb, when the weed saw people eating ginger, it thought, “If they eat ginger, they should eat me too.” But people never eat it, because it is useless. This clearly shows that no matter how much a useless object—or a person without ability—tries to show off, society will not accept it.
In our society, we often see people who have no special knowledge or skill. They are not particularly capable of any work. Yet, they try to pretend to be wise or demand the same respect that truly capable people get. But society does not accept them. The intelligent keep their distance from such people, and they often become subjects of mockery. Sometimes, because of their arrogance, they even invite trouble upon themselves.
This proverb gives us an important lesson. To gain respect in society or to build an identity, one must first make oneself capable. Mere arrogance or external show has no value. A person without ability will never be accepted by society.
Therefore, the strong message of this proverb is—do not boast without reason. Respect and recognition must be earned through true ability. Otherwise, society will laugh and say: “Seeing ginger being eaten, the weed said, eat me too.” 0 0 0
Also Read:
N.B. If you like the amplification of the Assamase proverb: ‘আদাক দেখি উঠিল গা, কেতুৰীয়ে বালে মোকো খা’, please don’t forget to send your feedback to us.









